বাহাকাবাৰীঃ ৰাজ্য চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানেও বিভিন্ন চৰকাৰী আঁচনিত অব্যাহত ৰাখিছে দুৰ্নীতি-অনিয়ম। যাৰ ফলশ্ৰুতিত চৰকাৰী আঁচনিৰ সফল ৰূপায়ণত বাধা আহি পৰিছে।
অন্যান্য আঁচনিৰ কথা বাদেই ১২ হাজাৰ টকীয়া অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণটো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান গাঁও পঞ্চায়তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত বিষয়া কৰ্মচাৰী, ঠিকাদাৰ, ৰাজনৈতিক নেতা-পালিনেতাই অবাধ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ পোৱা গৈছে৷