মুছলপুৰঃ কিছুদিন ধৰি হৈ থকা প্ৰৱল বৰষুণে উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যৰ লগতে চুবুৰীয়া দেশ বাংলাদেশ, ভূটানতো প্ৰাকৃতিক বিপৰ্যয়ৰ সৃষ্টি কৰি আহিছে। প্ৰৱল বৰষুণৰ ফলত হোৱা ভূস্খলনত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বৰা পানী অঞ্চলত শনিবাৰে পাঁচজন লোকৰ কৰুণ মৃত্যু হয়৷
মৃত্যু হোৱা পাঁচ জনৰ ভিতৰত আনন্দ বজাৰৰ হাটখোলাৰ এহাল দম্পতি বুলি জানিব পৰা গৈছে৷ মৃত দম্পত্তিহাল বাগসা জিলাৰ আনন্দ বজাৰৰ হাটখোলা নিবাসী তথা বৰা পানীত প্লাইউদ উদ্যোগ এটাত মিস্ত্ৰী কাৰ্যৰত লব মহন্ত (২৩) আৰু ববী মহন্ত (২০) বুলি চিনাক্ত কৰা হৈছে৷