ডাইনী সন্দেহত দম্পত্তিক হত্যা, অথাই সাগৰত ৫ এমা-ডিমা সন্তান

Home অন্যান্য খবৰডাইনী সন্দেহত দম্পত্তিক হত্যা, অথাই সাগৰত ৫ এমা-ডিমা সন্তান

ডাইনী সন্দেহত দম্পত্তিক হত্যা, অথাই সাগৰত ৫ এমা-ডিমা সন্তান

by News Desk
82 views
A+A-
Reset

কোকৰাঝাৰঃ মানৱতাত লজ্জানত কৰি একমাত্ৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰিণতিতে সংঘটিত হোৱা ডাইনী কাণ্ডৰ বাবেই হত্যাৰ বলি হ’ল এহাল দম্পত্তি আৰু নিঠৰুৱা হ’ল পাঁচটাকৈ এমাডিমা সন্তান। চৰকাৰৰ প্ৰগতিৰ জয়ঢোল, কুসংস্কাৰ-অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামুলক প্ৰচাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে সুকীয়াকৈ বিধেয়ক গ্ৰহণ অাদিক সকলো কৰ্ম-কাণ্ডক উপলুঙা কৰি পুনৰাই কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ সাপকাটা অাৰক্ষী চকীৰ অন্তৰ্গত পলাশগুৰী গাঁৱত সংঘটিত হৈছে ডাইনীৰ সন্দেহত হত্যাযজ্ঞ।

পলাশগুৰি গাঁৱত কালি নিশা উন্মত্ত ঘাতকে এহাল দম্পত্তিক শোৱাপাটীৰ পৰা টানি আনি অতি নিৰ্মমভাৱে একমাত্ৰ ডাইনী সন্দেহতে হত্যা কৰা ঘটনাৰ পিছত অাজি চৌদিশে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ উপৰিও দম্পত্তিহালৰ ৫টিকৈ এমাডিমা সন্তানৰ ভৱিষ্যতক লৈও গভীৰ শংকাৰ সৃষ্টি হৈছে। অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰিণতিতে ঘাতকৰ হাতত কৰুণ মৃত্যুক অাঁকোৱালি লোৱা দম্পত্তিহালক পলাশগুৰী গাঁওৰ যমন হেমব্ৰম (৪৮) অাৰু তেওঁৰ সহধৰ্মিনী চোনিয়া টুডু(৪০) বুলি চিনাক্ত কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0