গুৱাহাটীঃ বিশ্বৰ আন আন দেশৰ লগতে আমাৰ দেশতো কভিড ১৯ ভাইৰাছজনিত অতিমাৰীয়ে অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কভিড ভৰাইৰাছৰ এই সমক্ৰমনক ৰোধ কৰিবলৈ পৃথিৱীৰ বিজ্ঞানী সকলে এই বেমাৰটোৰ ভেকচিন ইতিমধ্যেই প্ৰস্তুত কৰি উলিয়াইছে ৷ আমাৰ দেশতো চৰকাৰীভাবে প্ৰধানকৈ ক’ভাক্সিন আৰু ক’ভিশ্বিল্ড নামৰ দুটা ভেকচিনক গ্ৰহন কৰা দেখা গৈছে৷
ইতিমধ্যে দেশত ক’ভিড ভেকচিনৰ প্ৰথমটো টিকাকৰণ অভিযান চলি থকা দেখা গৈছে আৰু দ্বিতীয়টি টিকাকৰণ অভিযানো আৰম্ভ হৈছে ৷ টিকাকৰণৰ বাবে ভাৰতত “ক’ভাক্সিন” আৰু “ক’ভিশ্বিল্ড” নামৰ ভেকচিন দুটাৰ ব্যৱহাৰ কৰা দেখা হৈছে ৷ আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰো যে এই দুয়োটা ভেকচিনৰ পাৰ্থক্যবোৰনো কি কি?