বালিপৰাঃ ৰাজ্যত অন্ত পৰা নাই গৰুৰ চোৰাং সৰবৰাহ৷ পশ্চিমবংগ আৰু বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰাবৰাহ চলি থকাৰ সময়তে এইবাৰ অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী এলেকাত গৰুৰ চোৰাং সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে৷
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বৰজুলিত চোৰাং গৰুসহ এখন গাড়ী জব্দ কৰিছে ৰাইজে৷ সোমবাৰে নিশা AS-12AC-5101 নম্বৰৰ বলেৰ’ পিক আপ গাড়ীৰে চোৰাংকৈ অৰুণাচল প্ৰদেশৰ চেপ্পা লৈ গৰু নি থকা সময়ত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি ১৭ নং লাইনত স্থানীয় ৰাইজে জব্দ কৰে এখন গাড়ী৷ ঢেকীয়াজুলি আৰু ৰঙাপৰা ভেলৱাটাৰ অঞ্চলৰ পৰা চোৰাং ভাৱে ১১ টাকৈ গৰু অৰুণাচলৰ চেপ্পালৈ নিয়াৰ পৰিকল্পনা কৰিছিল গৰু চোৰৰ এটা চক্ৰই৷