ৰঙিয়াঃ ত্ৰিপুৰাত ধন বিলাবলৈ গৈ ধৰা পৰিছিল অসমৰ মন্ত্ৰী পল্লৱ লোচন দাসে৷ বহুবল্কী মন্ত্ৰী পল্লৱ লোচনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে ত্ৰিপুৰাৰ শাসকীয় দল চিপিআইএমে৷ পল্লৱ লোচন দাসে গুৱাহাটীলৈ উভতি আহি তেওক গ্ৰেপ্তাৰ কৰা নাই বুলি স্পষ্ট কৰি একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ সময়তে শনিবাৰে ত্ৰিপুৰাৰ শাসকীয় দল চিপিআইএম মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কামৰূপৰ ৰঙিয়াত৷
ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰৰ কৰিবলৈ গৈ ধন বিলােৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ হাতত ধৰা পৰা বুলি অভিযোগ উত্থাপন কৰে চিপিআইএমে৷ ৰঙিয়াত চিপিআইএমে ৰাজ্যৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ বিৰুদ্ধে এক পথ সভা অনুষ্ঠিত কৰে। পথ সভাত ৰঙিয়াৰ কেইবা ঠাইটো প্ৰতিবাদ কৰি মন্ত্ৰীগৰাকীক বৰ্খাস্ত কৰাৰ বাবে দাবী জনায়৷ প্ৰতিবাদী কাৰ্য্যসূচীত মাক্সবাদী নেতা বিবেকান্দ অধিকাৰী, বাসুদেৱ কলিতা উপস্থিত থাকি ভাষণ আগবঢ়ায় তীব্ৰ সমালোচনা কৰে বিজেপি দলক৷