ৰঙিয়াঃ জলসিঞ্চন বিভাগৰ আন এক ফোঁপোলা স্বৰূপ উদঙাই অৱশেষত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ল ৰঙিয়াৰ ৰাইজ। ৰঙিয়াৰ বনগাঁও ১ নং জলসিঞ্চন আঁচনিৰ কাৰ্যালয়ত উত্তেজিত জনতাই তলা ওলোমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ৭ বছৰ পূৰ্বে নিৰ্মাণ কৰা কোটি টকীয়া আঁচনিৰ পৰা খেতিয়কে আজিলৈকে খেতি পথাৰত পানী নোপােৱাত প্ৰতিবাদ সাব্যস্ত কৰে।যাৰ বাবে খৰাং বতৰত কৃষকসকলে খেতি কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয়।