নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সমবায় সমিতি লিমিটেডসমূহৰ অধীনত থকা একাংশ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ গুৰুত্বৰ অভিযোগ। উত্থাপিত অভিযোগ অনুযায়ী, জিলাখনৰ অধিকাংশ সূলভ মূল্যৰ দোকানীয়ে অবাধে বিভাগীয় নীতি-নিয়মক জলাঞ্জলি দি গ্ৰাহকক মাধমাৰ শোধাই আহিছে৷
এইসকল ধুৰন্ধৰ সূলভ মূল্যৰ দোকানীয়ে দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক সূলভ মূল্যৰ দোকানৰ জৰিয়তে চৰকাৰে যোগান ধৰা চাউল আৰু কেৰাচিন বিতৰণৰ বেলিকা দুৰ্নীতিৰ আশ্ৰয় লৈ কোৰোণেৰে ধন চপোৱাতহে ব্যস্ত হৈ পৰিছে ৷