গোলাঘাট, ১১ ছেপ্টেম্বৰ : গোলাঘাট মহকুমা কল্যান বিভাগৰ উদ্যোগত আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণৰ এটা কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
অনুষ্ঠানত অংশ লৈ জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীয়ে কয় যে লাইন চকীদাৰসকলে নিজৰ কৰ্তব্যৰ বাবে বহুঠাইলৈ যাব লগীয়া হয় যদিও নিজা বাহন নথকা সকলে সদায় সমস্যাৰ সন্মূখীন হয় । চাইকেলসমূহ লাভ কৰিলে তেওঁলোকৰ যাতায়াতৰ সমস্যা ভালেখিনি লাঘৱ হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ কল্যানৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে । প্ৰকৃত হিতাধিকাৰীসকলে যাতে এই আঁচনিসমূহৰ সুবিধা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে ।