59
কাজিৰঙাঃ গঁড় হত্যা, নাৰী নিৰ্যাতন, ডাইনী সন্দেহত হত্যা- এই তিনি অপকৰ্মৰ বিৰোধিতা কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি চতিয়াৰ মানব জ্যোতি বৰা নামৰ যুৱকজনে আৰম্ভ কৰিছে চাইকেল যাত্ৰা।
১১৪ দিনৰ এই চাইকেল যাত্ৰাৰ কালছোৱাত অসমৰ প্ৰতিখন জিলাৰ বিদ্যালয়-মহাবিদ্যালয়লৈ গৈ এই ক্ষেত্রত সজাগতা সৃষ্টি কৰিবলৈ পণ লৈছে যুৱকজনে।