113
ফখৰুল ইছলাম, দৰংঃ ৰাজ্যত বৃদ্ধি পোৱা নিছা জাতীয় দ্ৰব্য সেৱন, বাল্য বিবাহ আদিৰ বিৰুদ্ধে আমছুয়ে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ খাৰুপেটীয়াতো এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷
নিছাযুক্ত দ্ৰব্য সেৱন বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, অসামাজিক কাৰ্যকলাপ বন্ধ কৰক ইত্যাদি শ্ল’গানেৰে খাৰুপেটীয়াৰ ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে৷