গুৱাহাটীঃ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে ৰাজ্যত এতিয়া বৃদ্ধি পাইছে কাৰিকৰী শিক্ষাৰ চাহিদা। প্ৰতিবছৰে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই কাৰিকৰী শিক্ষাৰ গ্ৰহণৰ বাবে অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনত থকা আইটিআইসমূহত প্ৰ-পত্ৰ পূৰণ কৰে।
কিন্তু প্ৰায়ে অভিযোগ উঠে প্ৰ-পত্ৰৰ পূৰণ কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে আইটিআই প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ সুবিধা নাপায়। ফলত প্ৰতি বছৰে ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰীৰ কাৰিকৰী শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ থকাৰ পাছতো নামভৰ্তি কৰিবলৈ সুবিধা নোপোৱাৰ বাবে বঞ্চিত হয় কাৰিকৰী শিক্ষা গ্ৰহণৰপৰা।