খাৰুপেটীয়াঃ অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনত থকা সীমান্ত শাখাৰ আৰক্ষীৰ ষড়যন্ত্ৰত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইনেও অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া ম: সোনা উল্লাহৰ লগতে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ বৈধ নথি পত্ৰ থকা ভাৰতীয় নাগৰিকক একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পত বন্দী কৰি ৰখাৰ প্ৰতিবাদত শনিবাৰে ইত্তেহাদ ফ্ৰন্ট দৰং জিলা সমিতিৰ উদ্যোগত খাৰুপেটীয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি খাৰুপেটীয়াৰ আকাশ বতাহ কপাই তোলে৷
মঃ সোনা উল্লাক বিনা চৰ্তে মুকলি কৰাৰ লগতে সীমান্ত আৰক্ষীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই সোনা উল্লাহৰ দৰে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে বিদেশী ন্যায়াধীকৰনত হাজিৰা দি দি জমৰ যাতনা সহ্য কৰিব লগা হৈছে। ছানাউল্লাহ যদি বিদেশীয়েই আছিল তেন্তে গৃহ বিভাগৰ অধীনস্থ অসম আৰক্ষীয়ে কেনেকৈ ছানাউল্লাহক ৩০ বছৰ পূৰ্বে সেনাত যোগদান কৰাৰ সময়ত পুলিচে প্ৰমাণ দিছিল৷