মঙলদৈঃ ক্ৰমান্বয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বৃদ্ধি হৈছে ঐতিহ্যমণ্ডিত দৰং জিলাৰ সৰ্বসাধাৰণৰ ৰাইজৰ। মাথো ১৭ মাহ পুৰ্বে হিল-দল ভাঙি প্ৰায় সংখ্যাক দৰং জিলাৰ ভোটাৰে বিজেপিয়ে নেতৃত্ব লোৱা মিত্ৰ জোঁটক ভোট দিছিল৷ দৰঙৰ ৰাইজে উন্নয়ণ তথা বহু কিবা-কিবি চাগে আশা কৰা নাছিল৷জাতি মাটি ভেটিৰ শ্ল’গানত ভোল গৈ দৰঙৰ ৰাইজে দৰঙৰ থলুৱাৰ অস্তিত্ব আধিপত্যৰ স্বাৰ্থত ভোট প্ৰদান কৰিছিল৷
কংগ্ৰেছৰ বিৰুদ্ধে ওলাই আহি বসন্ত দাসৰ দৰে কংগ্ৰেছৰ বিয়াগোম নেতাক হৰুৱাইছিল দৰঙৰ ভোটাৰে৷ পোন্ধৰ বছৰৰ কংগ্ৰেছৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভ মৰিষণ কৰিছিল যোৱা বিধান সভা নিৰ্বাচনত৷ ইভিএমৰ বুটাম টিপি কংগ্ৰেছক সকীয়াই দিছিল তহতে কৰিব নোৱাৰ কামবোৰ কৰিবৰ বাবে আমি বিকল্প বিছাৰি পাইছো৷ যিয়ে আমাক আমাৰ আবেগ অনুভূতিক গুৰুত্ব দিব৷ দৰঙৰ ৰাইজে বহু আশা কৰি ভোট দিছিল৷