ডিজিটেল ডেস্কঃ মুছলমানে ফেচবুক-টুইটাৰত তথা ছচিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিব ফটো৷ ভাৰতৰ মুছলমানৰৰ ধৰ্মীয় শিক্ষাৰ আটাইতকৈ বৃহৎ অনুষ্ঠান উত্তৰ প্ৰদেশৰ দেওবন্দৰ দাৰুল উলুমে মুছলমানক ছচিয়েল মিডিয়াত পুৰুষ আৰু মহিলাৰ ফটো আপলোড কৰাত বাধা আৰোপ কৰিছে৷
বাধা আৰোপ কৰাই নহয় বিৰত থাকিবলৈ নিৰ্দেশ দিছে। দাৰুল উলুম দেওবন্দৰ ‘ফটোৱা’ বিভাগ দাৰুল ইফটাই প্ৰকাশ কৰা মতে কোনো পুৰুষ নতুবা মহিলাই নিজৰ নাইবা নিজৰ পৰিয়ালৰ সদস্যৰ ফটো যিকোনো ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে সেয়া ইছলাম বিৰোধী ‘un-Islamic’ হিচাপে গন্য কৰা হ’ব।