ৰঙিয়াঃ ৰঙিয়া চহৰক সেউজীয়া কৰাৰ লক্ষ্যৰে তথা গোলকীয় উষ্ণতা ৰোধৰ বাবে ওলাই আহিল স্বেচ্ছাসেৱী অনুষ্ঠান৷ ৰঙিয়াৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতি কিৰণে ৰঙিয়াৰ অলিয়ে-গলিয়ে ৰোপন কৰিব গছপুলি৷ পৰিকল্পনা অনুযায়ী ৰাজহুৱা স্থান, মন্দিৰ, মছজিদ, ক্লাব, নামঘৰ আদিত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে এফালৰ পৰা বৃক্ষৰোপন কৰি গৈছে৷ সমগ্ৰ ৰঙিয়া খনকে সেউজ কৰাৰ সপোন বুকুত বান্ধি অনুষ্ঠানটোৱে বৃক্ষৰোপন কাৰ্যসূচী হাতত লয়।
শুকুৰবাৰে ৰঙিয়াৰ কেইবাটাও মছজিদ প্ৰাংগনত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে নিম গছৰ পুলি ৰোপন কৰে। ৰঙিয়া শৌলমাৰী জামে মছজিদ প্ৰাংণত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। খোপনিকুছি দাৰুল উলুম হাফিজিয়া মাদ্ৰাছাৰ অধ্যক্ষ হাফিজ জিয়াউৰ ৰহমান, ৰেলৱে প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতলেব, ষ্টেছন ১নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মতিব আহমেদ আদিয়ে বৃক্ষৰোপন কৰে।