ডিজিটেল ডেক্সঃ দৈনন্দিন ব্যস্ততা তথা এক অশৃংখলা জীৱনতো বৰ্তমানে মানুহবোৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ’বলৈ ধৰিছে। ভাৰতৰ লগতে বিশ্বৰ প্ৰায় দেশতে এই সজাগতা দেখিবলৈ পৱা গৈছে৷ যাৰ বাবে ব্যায়াম, পৰিশ্ৰমৰ লগতে মানুহৰ শৰীৰৰ প্ৰয়োজন হয় পুষ্টিকৰ খাদ্য৷ শাক-পাচলি, ফল-মূলৰ লগতে বিভিন্ন ধৰণৰ সুস্বাদু তথা ভিটামিনযুক্ত আহাৰ গ্ৰহণ কৰিলেহে মানুহ তজবজীয়া হৈ থাকিব৷ তাৰে ভিতৰত হাজাৰ বছৰ অতিক্ৰম কৰা ডেটছ যাক কোৱা খেজুৰৰ নাম নিশ্চয় সকলোৱে শুনিছে!

জানিব পৰা মতে খেজুৰৰ প্ৰথম উৎপত্তি ইৰাকত হৈছিল বুলি জনা যায়৷ কিন্তু ইটালীৰ লোকে খেজুৰৰ পৰা প্ৰথমেই ৱাইন বনোৱাৰ কামত ব্যৱহাৰ কৰা বুলি দাবী কৰে৷ প্ৰায় দেশতে এইবিধ গছ সহজলভ্য৷ কিন্তু ঠাই ভিন্নে ইয়াৰ প্ৰজাতিও বেলেগ বেলেগ ধৰণৰ৷ বৈজ্ঞানিকৰ মতে খেজুৰ কেৱল খাবলৈ সোৱাদ নহয়, ই বহু ভিটামিনযুক্ত আহাৰ হিচাপে পৰিগণিত হৈছে৷ মিনাৰেলছ, ছুগাৰ, কেলছিয়াম, আইৰন, পটাছিয়াম আদিৰে ভৰপূৰ এইবিধৰ উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে৷ 

১.ক’লেষ্ট্ৰল কমঃ
খেজুৰত অধিক মাত্ৰাত ক’লেষ্ট্ৰল আৰু ছুগাৰৰ মাত্ৰা কম পৰিমাণে থাকে৷ যাৰ বাবে নিয়মীয়া খাদ্য হিচাপে ব্যৱহাৰ কৰি ইয়াক ওজন কমাব পৰাত ব্যৱহাৰ কৰিব পাৰে৷ 

২.প্ৰ’টিনযুক্তঃ
অধিক মাত্ৰাৰে ভৰপুৰ প্ৰ’টিনে শৰীৰৰ মাংসপেশী মজবুত কৰাত সহায় কৰে৷ যাৰ বাবে স্বাস্থ্য প্ৰতি সজাগ হোৱা জিম যোৱা লোকক খেজুৰ খাবলৈ কোৱা হয়৷ 

৩.বহু ভিটামিনযুক্তঃ
খেজুৰ প্ৰচুৰ পৰিমাণে b1, b2, b3, b5 ৰ লগত ভিটামিন A আৰু C পোৱা যায়৷ সকলোৱে ভিটামিনৰ অভাৱ হ’লে কোনোধৰণৰ ছাপ্লিমেন্ট লোৱাৰ প্ৰয়োজন নায়৷ লগতে খেজুৰ সেৱন কৰিলে শৰীৰত প্ৰয়োজন হোৱা গ্লুক’জ, চুক্ৰ’জ, ফ্ৰক্ট’জৰ পৰিমাণ বৃদ্ধি হয়৷

৪.হাড় মজবুত ৰখাত সহায়ঃ
মেগ্ৰীজ, চেলেনিয়ম, কাপৰ, মেগ্ৰীচিয়ামৰ দৰে পদাৰ্থই মানুহৰ শৰীৰৰ হাড় শক্তিশালী তথা মজবুত কৰি তোলাত সহায় কৰে৷ আনহাতে আষ্টিয়’পোৰোচিচ ৰোগৰ পৰা সুৰক্ষিত থকাত সহায় কৰে৷ 

৫.স্নায়ুতন্ত্ৰৰ ব্যৱস্থাক সতেজ কৰাঃ
ছ’ডিয়ামৰ অভাৱত মানুহৰ স্নায়ু প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে৷ যাৰ বাবে মানুহে অধিক পৰিশ্ৰম কৰিব নোৱাৰে৷ কিন্তু পোৱা খালী পেটত এগিলাচ পানীৰ লগত খেজুৰক নিয়মিয়াকৈ সেৱন কৰিলে শৰীৰ সুস্থ আৰু সতেজ হয়৷

এনেধৰণৰ কামত উপযোগী হোৱা খেজুৰে কেৱল এয়াই নহয় আন বহু কামত সহায় কৰে৷ আয়ৰণৰ অভাৱৰ ফলত উশাহ চুটি হোৱা, ভাগৰ, এনিমিয়াৰ দৰে ৰোগক প্ৰতিকাৰ কৰে৷ ওজন সন্তোলিত, ছাল মসৃণ কৰা পাচন তন্ত্ৰক অধিক শক্তিশালী কৰাত সহায় কৰে খেজুৰে৷ এই গুণকাৰী খেজুৰক এবাৰ হ’লেও সকলোৱে সেৱন কৰা উচিত৷