Home অন্যান্য খবৰগোলাঘাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজহুৱা স্থানত মাস্ক বিতৰণ

গোলাঘাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজহুৱা স্থানত মাস্ক বিতৰণ

by News Desk
A+A-
Reset
IMG-20211010-WA0013

গোলাঘাট, ১১ অক্টোবৰ : গোলাঘাট নগৰ আৰু জিলাখনৰ বিভিন্ন ঠাইত মাস্ক পৰিধান কৰাৰ লগতে ক’ভিডৰ স্বাস্থ্যবিধিসমূহৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে যোৱা ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু প্ৰয়াস ডেভেলপমেণ্ট ছ’চাইটি নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত এক বিশেষ অভিযান চলায় । প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া, স্বেচ্ছাসেৱী আৰু প্ৰয়াস এন জি অ’ৰ প্ৰতিনিধিসকলৰ উপস্থিতিত জিলা উপায়ুক্ত তথা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই ৰাইজৰ মাজত নিজে মাস্ক বিতৰণ কৰি এই অভিযানৰ শুভাৰম্ভ কৰে । উপায়ুক্তগৰাকীয়ে শাৰদীয় দুৰ্গা পূজাত সকলোকে মাস্ক পৰিধান কৰাৰ লগতে ক’ভিডৰ স্বাস্থ্যবিধিসমূহ মানি চলিবলৈ আহ্বান জনায় । এই অভিযানৰ অধীনত গোলাঘাট পৌৰ এলেকাৰ লগতে বিভিন্ন ঠাইত জনসাধাৰণৰ মাজত মাস্ক বিতৰণ কৰি সজাগ কৰাৰ প্ৰয়াস চলোৱা হয় । গোলাঘাটৰ উপৰি বৰপথাৰ, বোকাখাত আৰু দেৰগাঁও নগৰ এলেকাত স্বেচ্ছাসেৱীসকলে মাস্ক বিতৰণ কৰে । এই অভিযানত জিলা জনসংযোগ বিভাগে সহযোগিতা আগবঢ়ায় ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0