54
তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা অাৰু বালিপৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত চলি থকাৰ সময়তে অাজি ৰঙাপৰা থানাৰ অন্তৰ্গত দিপাঞ্জলি পাহাৰত থকা নদী-দ্বীপটোৰ পাৰত এটা মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ হৈছে।
কৰুণ মৃত্যুক সাবতি লোৱা হাতীটোৰ এই পৰিণতিৰ কাৰণ এতিয়ালৈ জানিবপৰা হোৱা নাই যদিও দেখা গৈছে এক অমানৱীয় দৃশ্য। মৃত হাতীটোৰ বাওঁফালৰ দাঁত অাৰু নেজৰ চুলিকোচা কোনো দুৰ্বৃত্তই কাটি লৈ গৈছে।