কোকৰাঝাৰঃ মৃতদেহ সৎকাৰ কৰাৰ বাবে শ্মশান থকা স্বত্বেও মানুহ অহা-যোৱা কৰা পথতে শৱ দাহ কৰাৰ ঘটনাক লৈ উত্তেজনাই বিৰাজ কৰিছে কোকৰাঝাৰত। কোকৰাঝাৰৰ চহৰৰ কাষৰে প্ৰৱাহিত হোৱা গৌৰাং নদীৰ পাৰত থকা শ্মশানৰ পৰিৱেশক লৈ দীৰ্ঘদিনৰপৰা নানান অভিযোগ উত্থাপিত হৈ আহিছে ।
গৌৰাং নদীৰ পাৰৰ কালিমন্দিৰৰ নিকটৰ বালিচৰৰ পৰা বিস্তীৰ্ণ এলেকাটো বহুদিনৰ পৰাই শ্মশান হিচাপে ব্যৱহৃত হৈ আহিছে যদিও মৃতদেহ য’তে-ত’তে সৎকাৰ তথা দাহ কৰাকলৈ প্ৰতিক্ৰিয়া অব্যাহত অাছে । উল্লেখ্য যে উক্ত শ্মশানৰ মাজেৰে থকা পথৰে আৰু গৌৰাং নদীৰ ওপৰত থকা বাহৰ দলঙৰে চেচাঁপানী, মধ্যচেচাঁপানী, কমলাছৰা, দক্ষিণ বাগিছা গাওঁ আৰু লালমাটি গাঁৱৰ কেবাসহশ্ৰাধিক লোক তথা স্কুলীয়া ছাত্ৰ, ছাত্ৰীয়েও স্কুললৈ আহ-যাহ কৰে৷