51
বিহালীঃ বিশ্বনাথৰ গলিয়াত গাড়ীচোৰে হত্যা কৰা ছামছুল হক নামৰ তেজপুৰৰ এজন গাড়ী চালকৰ মৃতদেহ উদ্ধাৰ। গলিয়া নদীৰ কাষত পুতি থোৱা মৃতদেহটো খান্দি উলিয়ালে তেজপুৰৰ পৰা অহা এটা আৰক্ষীৰ অভিযানকাৰী দলে।
হত্যাকাণ্ডৰ লগত জড়িত দুই অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। হত্যাকাৰী দুজন হৈছে ক্ৰমে বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ আব্দুল ৰহিম আৰু বালিপাৰাৰ খনামুখৰ ৰাহুল হুছেইন।