ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষা খণ্ডত পূৰ্বৰ বাজেটৰ তুলনাত ৭.৮১ শতাংশ ধন বৃদ্ধি কৰিলে মোডী চৰকাৰে৷ ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰক্ষা খণ্ডত ২.৯৫ লাখ কোটি টকা ধাৰ্য কৰে চৰকাৰে। পূৰ্বৰ বাজেটত ২.৭৪ লাখ কোটি টকা সুৰক্ষা বাজেটত ধাৰ্য কৰিছিল।
বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰা বাজেটত সেনাৰ অস্ত্ৰ, জাহাজ, যুদ্ধ জাহাজ, সা-সৰঞ্চাম ক্ৰয়ৰ বাবে ৯৯,৯৪৭ কোটি টকা ধাৰ্য কৰে। ৰক্ষা বাজেটৰ ক্ষেত্ৰত ২০১৮-১৯ৰ নিৰ্ধাৰিত ২৪,৪২,২১৩ কোটি তথা ১২.১০ শতাংশ।