নতুন দিল্লীঃ ৰাজহুৱা স্থানত প্ৰকৃতিৰ আহ্বানৰ প্ৰতি বিনা দ্বিধাই মহিলাই সঁহাৰি জনোৱা পৰিৱেশ অন্ততঃ ভাৰতত এতিয়াও সৃষ্টি হোৱা নাই। এই সমস্যাৰ সমাধান লৈ আহিছে দিল্লী-আই আই টিৰ দুই ছাত্ৰই।

অপৰিষ্কাৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-আই আই টিৰ ছাত্ৰ দুজনে মহিলাসকলৰ বাবে লৈ আহিছে মাত্ৰ ১০ টকা মূল্যৰ এই থিয় হৈ প্ৰস্ৰাৱ কৰিব পৰা যতন। 'ছানফে’ (Sanitation for female) নামৰ এই যতন আজি বিশ্ব প্ৰস্ৰাৱগাৰ দিৱসৰ দিনা মুকলি কৰা হয়৷

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত সফলতাৰে পৰীক্ষা কৰা এই যতনৰ এক লাখটা #StandUpForYourself অভিযানৰ অধীনত সমগ্ৰ ভাৰততে বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব৷ 

দিল্লী-আই আই টিৰ বিটেকৰ ছাত্ৰ তথা ‘ছানফে’ৰ সহ-উদ্ভাৱক অৰ্চিত আগৰৱালে কয় যে অপৰিষ্কাৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ বাবে ভাৰতত প্ৰতি দুগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ ইউৰিনাৰী ট্ৰেক ইনফেকচন হয়৷ সেয়ে এই যতনৰ সহায়ত মহিলাসকলে টইলেট ছিটৰপৰা দূৰত্ব বজাই ৰাখি ইনফেকচন হোৱাৰপৰা নিজকে ৰক্ষা কৰিব পাৰিব৷

মহিলাসকলে বহু দেৰি প্ৰস্ৰাৱ বন্ধ কৰি ৰখাৰ দৰে সমস্যাও ‘ছানফে’ৰ জৰিয়তে সমাধান হ’ব৷ গৰ্ভৱতী মহিলা, বাত বেমাৰ থকা মহিলা আৰু বিশেষভাৱে সক্ষম মহিলাসকলে ৰে’লৱে ষ্টেচন, বাছ আস্থানত এই যতন ব্যৱহাৰ কৰিব পাৰিব৷ মহিলাৰ মাহেকীয়া-চক্ৰৰ সময়তো ব্যৱহাৰ কৰিব পৰা ‘ছানফে’ ভাৰতীয় পৰম্পৰাগত পোচাক পৰিহিতাসকলৰ বাবে অধিক সুবিধাজনক হ’ব বুলিও তেওঁ প্ৰকাশ কৰে৷