65
নতুন দিল্লীঃ ৰাজহুৱা স্থানত প্ৰকৃতিৰ আহ্বানৰ প্ৰতি বিনা দ্বিধাই মহিলাই সঁহাৰি জনোৱা পৰিৱেশ অন্ততঃ ভাৰতত এতিয়াও সৃষ্টি হোৱা নাই। এই সমস্যাৰ সমাধান লৈ আহিছে দিল্লী-আই আই টিৰ দুই ছাত্ৰই।
অপৰিষ্কাৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-আই আই টিৰ ছাত্ৰ দুজনে মহিলাসকলৰ বাবে লৈ আহিছে মাত্ৰ ১০ টকা মূল্যৰ এই থিয় হৈ প্ৰস্ৰাৱ কৰিব পৰা যতন। ‘ছানফে’ (Sanitation for female) নামৰ এই যতন আজি বিশ্ব প্ৰস্ৰাৱগাৰ দিৱসৰ দিনা মুকলি কৰা হয়৷