দেৰগাঁওঃ উন্নয়ণৰ বাবে দিয়া প্ৰতিশ্ৰুতি যেন পালন কৰিব পৰা নাই ৰাজ্য চৰকাৰে৷ মাথো ১৭ মাহত সকলো দিশত উন্নয়ণ কৰা সম্ভৱ নহ’য় বুলি সময়ে সময়ে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কে কৈ আহিছে৷ মুলত এই কথা পথ নিৰ্মাণৰ ক্ষেত্ৰ কৈ অহা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ খনে৷ কিন্তু ১৭ মাহত ৰাজ্যৰ বাট-পথ নতুনকৈ নিৰ্মাণ কৰিব নোৱৰিলেও পথৰ গাত কেইটা মাৰিবলৈ কেইমাহ লাগিব বুলি ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিছে চৰকাৰ খনক৷
দেৰগাঁও বিধান সভা সমষ্টিৰ দক্ষিণ-পূৱ কাকডোঙা গাঁও পঞ্চায়ত অধীনৰ চাবুকধৰা-ওপৰখাটোৱাল পথৰ বাবে যমৰ যাতনা ভোগ কৰি অহা লোকে পথৰ গাত মাৰোতে কেইমাহ লাগিব বুলি প্ৰশ্ন উত্থাপন কৰে৷ চাবুকধৰা-ওপৰখাটোৱাল পথটো মাৰামতিৰ অভাৱত এজাক বৰষুণত বোকা-পানীৰে গাড়ী মটৰ চলোৱাটো দূৰৰ কথা খোজকাঢ়িবলৈ অৱস্থা নোহোৱা হয়৷