নগাঁওঃ আধ্যাত্মিকতাৰ প্ৰহৰীস্বৰূপ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপৰ চতুৰ্দশ বাৰ্ষিক তিৰোভাৱ দিৱসটি যোৱা ১৮ অক্টোবৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে নগাঁও জিলাৰ বেবেজীয়া পালনাম থান প্ৰাংগণত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে অনুষ্ঠিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা ভক্তৰ উপস্থিতিৰে অনুষ্ঠানষ্ঠানস্থলী সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে ৷
পাহাৰ-ভৈয়াম একাকাৰ কৰি বিভিন্ন জাতি-জনজাতিক একতাৰ ডোলেৰে বান্ধি ভক্তিৰসৰ সোৱাদ প্ৰদানত অগ্ৰসৰ হৈ প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য তথা শংকৰদেৱ বঁটাপ্ৰাপক ইলাৰম দাস বাপৰ তিৰোভাৱ দিৱসটি প্ৰতিবছৰে একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানত উদযাপন কৰি অহা হৈছে ৷