নগাঁওঃ বৰষুণে বিপদত পেলালে ৰাজ্যৰ কৃষকক৷ গেঁৰ ধৰা ধানত নেৰা নেপেৰা বৰষুণ পৰি থকাৰ ফলত ৰাজ্যৰ বহু ৰাজ্যৰ শ শ বিঘা গেঁৰ ধৰা ধান খেতি মাটিত পৰি যোৱা পৰিলজ্ক্ষিত হৈছে৷ কৃষকে পৰি যোৱা ধানৰ পৰা ধানৰ পৰিবৰ্তে পতান হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ বান পানীৰ পিছতে শৰাঙে কোঙা কৰা খেতিয়কসকলে মাধমাৰ শোধালে বৰষুণে৷ গোৱালপাৰা, নগাঁও, ধুবুৰী, কামৰূপ, মঙলদৈ আদি জিলাৰ কৃষকক বৰষুণ ক্ষতি কৰা বুলি জানিব পৰা গৈছে৷
পহিলা কাতিৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণে ৰাজ্যৰ অান বহু ঠাইৰ দৰে নগাঁও জিলোৰো জনজীৱন বিঘ্নিত কৰি পেলাইছে৷ কাতিমহীয়া বৰষুণৰ ফলত গ্ৰামাঞ্চলসমূহৰ ৰাস্তা-ঘাট বোকাময় হৈ পৰাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নৰক-যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ৷ বৰষুণৰ ফলত হঠাৎ তাপমাত্ৰা নিম্নগামী হোৱাত ৰাইজে শীতৰ অনুভৱ কৰাই নহয় জাপৰ পৰা গৰম কাপোৰ এখন-দুখনকৈ উলিয়াই লৈছে ৷