নাৰায়নপুৰঃ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ স্বৰ্গীয় দিগোৰাম দেউৰী ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দেউৰী সাহিত্য সভা বৰ্ষৰ সামৰণি মহোৎসৱৰ আজি দ্বিতীয় দিন। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিৰ আজিৰ কাৰ্যসূচী পুৱাৰ ভাগত এক বাৰেৰহনীয়া সাংস্কৃতিক সুভাযাত্ৰাৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়।
অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব লগা অনুষ্ঠানটোত উপস্থিত থাকিব অসমৰ স্বাস্থ্য তথা শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্রী প্ৰমীলা ৰাণী ব্রহ্ম, সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী নৱ দলেৰ আৰু কেইবাগৰাকীও মন্ত্রী বিধায়ক।