এটা মহকুমা আৰু নিমাত চৰকাৰ। কথাতে কোৱা হয় হাকিম লৰিলেও হুকুম নলৰে। এই ফকৰা-যোজনাৰ অৰ্থ এতিয়া যেন অৰ্থহীন হৈ পৰিছে। চৰকাৰ সলনি হোৱাৰ লগে লগে সিদ্ধান্তও সলনি হোৱাত ক্ষুব্ধ হৈ পৰিছে ঢেকীয়াজুলিবাসী। সবিশেষ সামৰি সাংবাদিক নাৰায়ণ ফয়েলৰ বিশেষ প্ৰতিবেদন।


♦ ২০১৬ চনৰ ২৫ জানুৱাৰী। সেইদিনা অসম চৰকাৰে  ঢেকীয়াজুলিক মহকুমা হিচাপে ঘোষণা কৰে। মহকুমা ঘোষণাৰ পিছত ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ আগ মুহূৰ্তত ঢেকীয়াজুলি পৌৰসভাৰ  ৰবীন্দ্ৰ ভৱনত ঢেকীয়াজুলি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয় স্থাপন কৰি লৰালৰিকৈ মহকুমাধিপতিৰ কাৰ্যালয় মুকলি কৰা হয়। শোণিতপুৰ জিলাৰ সেই সময়ৰ উপাযুক্ত লয়া মাদুৰীৰ উপস্থিতিত অসম বিধান সভাৰ উপাধ্যক্ষ ভীমানন্দ তাতীঁ আৰু  বিধায়ক হাবুল চক্ৰৱৰ্তীয়ে ফিতা কাটি ঢেকীয়াজুলি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে। উক্ত অনুষ্ঠানত তেতিয়াৰ বৰছলাৰ বিধায়ক টংক বাহাদুৰ ৰাই উপস্থিত থাকে। সেই সময়ত ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা এ চি এছ বিষয়া জয়ন্ত সৰকাৰে ঢেকীয়াজুলি মহকুমাৰ প্ৰথমগৰাকী মহকুমাধিপতি হিচাপে যোগদান কৰে। কিন্তু তাৰ পিছত.....

হয়! শ্বহীদ নগৰী ঢেকীয়াজুলিক মহকুমা হিচাপে উন্নীত নকৰিেল। স্থানীয় দল-সংগঠনসমূহে দাবী জনাই আহিছে যদিও এতিয়ালৈকে ঢেকীয়াজুলি মহকুমা হোৱা নাই। স্মৰ্তব্য যে আশীৰ দশকৰ পৰাই ঢেকীয়াজুলি মহকুমা গঠনৰ দাবী উত্থাপিত হৈ আহিছে আৰু স্থানীয় সংস্থা-সংগঠন সমূহে মহকুমা গঠনৰ দাবীত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে মহকুমা গঠনৰ দাবী উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত এবছু, আটছা, আছা, আমছু, আগছু, নাগৰিক মঞ্চ আদি সংগঠনে মহকুমা গঠনৰ দাবীত সমৰ্থন জনায় আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। অঞ্চলটোৰ দল-সংগঠন সমূহৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নহ’ল। এতিয়ালৈকে ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী নহ’ল। এয়া সচাকৈয়ে দুৰ্ভাগ্যজনক।

ৰাজ্য চৰকাৰৰ চৰম বঞ্চনাৰ বাবেই ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী নহ’ল বুলি দল-সংগঠনৰ নেতৃবৃন্দই প্ৰকাশ কৰে। উল্লেখ্য যে, দেশৰ স্বাধীনতা সংগ্ৰামত ১৩ জনকৈ বীৰ-বীৰংগনাই প্ৰাণ বিসৰ্জন দি সোণালী অধ্যায়ৰ সৃষ্টি কৰা শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিক কেন্দ্ৰস্থল হিচাপে লৈ ইয়াৰ পাচঁটা মৌজাক সামৰি ঢেকীয়াজুলি মহকুমা গঠন কৰিবলৈ স্থানীয় দল-সংগঠনে আশী দশকৰ পৰাই দাবী জনাই অহাৰ পিছত ২০১৬ চনৰ ২৫ জানুৱাৰীত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ঢেকীয়াজুলি মহকুমা ঘোষণা কৰে। কিন্তু  কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ নিমাত হৈ আছে।

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে যোৱা চাৰি বছৰত ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী নকৰিলে। বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ আমোলত যোৱা চাৰিবছৰত ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী নোহোৱাত স্থানীয় সচেতন ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই চৰকাৰে গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজ আৰু দল-সংগঠন সমূহৰ নেতৃবৃন্দই অসন্তুষ্টি প্ৰকাশ কৰিছে। ঢেকীয়াজুলি আৰু বৰছলা সমষ্টি তথা ঢেকীয়াজুলি ৰাজহ চক্ৰ আৰু ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ পাচঁটা মৌজাক সামৰি ঢেকীয়াজুলি মহকুমা গঠনৰ বাবে আশী দশকৰ পৰা স্থানীয় দল-সংগঠনে দাবী উত্থাপন কৰি আহিছিল। ঢেকীয়াজুলি, বৰছলা, বৰগাওঁ, নাহৰবাৰী আৰু মিছামাৰী মৌজাৰ বৃহৎ এলেকাক সামৰি ঢেকীয়াজুলি মহকুমা গঠন কৰিবলৈ আছু, যুৱ-ছাত্ৰ পৰিষদকে ধৰি একাধিক দল-সংগঠনে ১৯৮১চনৰ পৰাই দাবী জনাই আহিছিল।

মহকুমা গঠনৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ চৰ্ত থকাৰ লগতে প্ৰয়োজনীয় মাটি-কালি, দুখন ৰাজহ চক্ৰ, জনসংখ্যা আদি ঢেকীয়াজুলিত আছে। মহকুমা ঘোষণাৰ বহু দিন পূৰ্বেই ঢেকীয়াজুলিত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়, বিদ্যুত বিভাগৰ সংমণ্ডল কাৰ্যালয় ঢেকীয়াজুলিত স্থাপিত হৈছিল। উল্লেখ্য যে, স্থানীয় দল-সংগঠনৰ দাবীৰ প্ৰতি সন্মান জনাই ২০১৬ চনৰ ২৫ জানুৱাৰীত তদানীন্তন কংগ্ৰেছ চৰকাৰে  ঢেকীয়াজুলি মহকুমা ঘোষণা কৰিছিল। কিন্তু পৰিতাপৰ কথা এই যে, ২০১৬ চনৰ এপ্ৰিলত মাহত অনুষ্ঠিত বিধান সভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে দিশপুৰৰ গাদী দখল কৰে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন নতুন চৰকাৰ অহাৰ পিছতেই পূৰ্বৰ চৰকাৰে স্থাপন কৰা ঢেকীয়াজুলি মহকুমাৰ  মহকুমাধিপতিৰ কাৰ্যালয়ৰ অস্তিত্ব নোহোৱা হ’ল। মহকুমাধিপতিৰ কাৰ্যালয় বন্ধ কৰি দিয়াৰ লগতে এই কাৰ্যালয়ৰ নাম-ফলক খুলি দিয়া হ’ল। ঢেকীয়াজুলিবাসী ৰাইজৰ দীৰ্ঘদিনীয়া আশাত চেচাঁপানী হ’ল।

মন কৰিবলগীয়া বিষয় এই যে, ২০১৬ চনৰ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে গুৱাহাটীৰ পৰা হায়াৰ কৰি আনি ঢেকীয়াজুলিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা অশোক সিংহলে নিৰ্বাচনত জয়লাভ কৰে। তেওঁ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনোদিনে মাত নামাতিলে।  ঢেকীয়াজুলিৰ বিভিন্ন দল-সংগঠনে  মহকুমা কাৰ্যকৰী কৰা দাবীত বিধায়কগৰাকীক সাক্ষাৎ কৰি দাবীপত্ৰ দিছিল যদিও তেওঁ বিষয়েটোৰ পৰা সদায় এৰাই চলিছে। ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিধায়কগৰাকীৰ নিৰ্বিকাৰ ভূমিকাত  স্থানীয় সচেতন ৰাইজ আৰু দল- সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

ঢেকীয়াজুলি মহকুমা গঠনৰ দাবীত দীৰ্ঘদিন ধৰি জড়িত থকা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দীপক নাথে কয়, ঢেকীয়াজুলি মহকুমা বৃহত্তৰ ঢেকীয়াজুলিবাসী ৰাইজৰ প্ৰাপ্য অধিকাৰ। এই অধিকাৰৰ পৰা আমাক বঞ্চিত নকৰিব। মহকুমাৰ পৰা বঞ্চিত কৰিব বিচৰা সকলক সময়ত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি পৰিষদৰ নেতাজনে হুংকাৰ দিয়ে। মহকুমা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে গুৰুত্ব নিদিয়াত পৰিষদৰ নেতাজনে চৰকাৰ আৰু জনপ্ৰতিনিধিক কঠোৰ ভাষাৰে সমালোচনা কৰে। ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা শংকৰ দাসে গভীৰ উদ্বেগ প্ৰকাশ কৰে। ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা প্ৰবোধ কুমাৰ দাসে আক্ষেপেৰে কয়, ২০১৬ চনত তৰুণ গগৈ চৰকাৰে ঘোষণা কৰা ঢেকীয়াজুলি মহকুমা কাৰ্যকৰীকৰণৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে ইয়াৰ অস্তিত্ব নোহোৱা কৰি ঢেকীয়াজুলিবাসী ৰাইজক আঘাত দিছে। এই চৰকাৰে মহকুমা কাৰ্যকৰী নকৰি  ঢেকীয়াজুলিবাসী ৰাইজক চৰকাৰে অন্যায় কৰিলে বুলি  উপদেষ্টাগৰাকীয়ে উল্লেখ কৰে।

চৰকাৰী পেঞ্চনাৰ সন্থাৰ ঢেকীয়াজুলি শাখাৰ সভাপতি কৰুণাদত্ত বৰাই ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী নোহোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয়, ঢেকীয়াজুলিবাসীয়ে চৰকাৰৰ প্ৰতাৰণা সহ্য নকৰে। ঢেকীয়াজুলিৰ শ্বহীদ সকলক মহান ত্যাগৰ প্ৰতি লক্ষ্য কৰি ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী কৰিবলৈ তেওঁ দাবী জনায়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে ঢেকীয়াজুলিৰ ওপৰত গুৰুত্ব দিয়ক। অতি শীঘ্ৰে ঢেকীয়াজুলি মহকুমা কাৰ্যকৰী কৰিবলৈ পেঞ্চনাৰ সন্থাৰ সভাপতিগৰাকীয়ে দাবী জনায়।