ধেমাজিঃ সাতদিন ধৰি চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাসক গ্ৰেপ্তাৰ কৰিব নোৱৰা সম্পৰ্কত স্থিতি ৰাজহুৱা কৰিবলৈ ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ অসম চৰকাৰলৈ প্ৰত্যাহ্বান জনাইছে। আজি ধেমাজি আছুৰ শ্বহীদ স্মৃতিৰ ভৱনত আয়োজন কৰা সংবাদ মেলযোগে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীয়ে এনেদৰে উভতি ধৰে ৰাজ্য চৰকাৰক।
চিলাপথাৰ কাণ্ডৰ পাছত বিগত ৭ দিনে মূল অভিযুক্ত সুবোধ বিশ্বাসক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ আঁৰত কেৱল বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু আৰএছএছৰ লগত থকা সুবোধ বিশ্বাসৰ মধুৰ সম্পৰ্ক ফাদিল হোৱৰ ভয়ত ৰাজনৈতিক ৰক্ষণাবেক্ষণ দিয়া বুলি মত প্ৰকাশ কৰে।