61
ছৈখোৱাঃ তিনিচুকীয়া জিলাৰ ঐতিহাসিক ধলা-শদিয়া পাৰঘাট আজি স্তব্ধ। যোৱা ২৬ মে’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেঁতু ৰাইজৰ বাবে শুভ উদ্বোধন কৰা পাছৰে পৰাই ইতিহাস হ’ল এই ধলা-শদিয়া পাৰঘাট।
সংস্থাপনহীন হ’ল এই ধলা-শদিয়া পাৰঘাটক কেন্দ্ৰ কৰিয়েই এটা সময়ত পৰিয়ালৰ পোহ পাল দিয়া নাঁৱৰীয়া, গুৰীয়াল, মতিয়াৰ, ব্যৱসায়িকে আদি কৰি বহু লোক।