ডিজিটেল ডেস্কঃ অন্ত পৰিল আইপিএলত চেন্নাই ছুপাৰ কিংছৰ ওপৰত থকা প্ৰতিবন্ধকতা৷ এই কথাই এতিয়া হয়তো আটাইতকৈ আনন্দিত কৰি তুলিছে দলটোৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক৷

শুকুৰবাৰে এই নিষেধাজ্ঞা আতৰ হোৱাৰ পিছতেই ইনাষ্টাগ্ৰামৰ জৰিয়তে নিজৰ আনন্দ প্ৰকাশ কৰিলে৷ ইনষ্টাগ্ৰামত হালধীয়া টি শ্বাৰ্ট ফটো পোষ্ট কৰাৰ লগতে এই নিষেধাজ্ঞা আতৰ হোৱাৰ কথাও প্ৰকাশ কৰে ধোনীয়ে৷

উক্ত জাৰ্ছীত ৭নম্বৰৰ আৰু তাত ’থলা’ শব্দটো লিখা আছিল৷ থলা শব্দটো হৈছে তামিল শব্দ আৰু ইয়াৰ অৰ্থ নেতা৷২০১৩চনৰ আইপিএলত বেটিং আৰু স্পট ফিক্সিঙ কৰাৰ অপৰাধত ৰাজস্থান ৰয়েল্স আৰু চেন্নাই ছুপাৰ কিংছক ২০১৫ত ২বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷

অহা বছৰৰ আইপিএলত চেন্নাই ছুপাৰ কিংছৰ সৈতে ধোনীৰ খেল উপভোগ কৰিবলৈ ৰৈ আছে দলটোৰ অনুৰাগীসকল৷ ধোনীৰ নেতৃত্বত দলটোৱে ২০১০আৰু ২০১১চনৰ ফাইনেলত জয়ী হৈছিল৷