News Next one , বিশ্বনাথ চাৰিআলি , ৩ ছেপ্তেম্বৰ ঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে পূৰ্বৰে পৰা নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে এক বৃহৎ নদীবান্ধে যে অনাগত সময়ত অসমৰ বিস্তৃত অঞ্চল জুৰি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিব সেই বিষয়ে নিশ্চিত হৈ ইয়াৰ বিৰূদ্ধে সুদীৰ্ঘ দিন ধৰি প্ৰতিবাদ কৰি আহিছে।
এই পূৰ্বানুমানৰ সত্যতা প্ৰমাণিত কৰি বৰ্তমান সময়ত হোৱা সাধাৰণ বৰষুণৰ ফলত সোৱনশিৰি নদীবান্ধৰ গাৰ্ডৱালৰ ওপৰেদি বাগৰি অহা পানীয়ে বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ ফলত জনসাধাৰণৰ জীৱন জীৱিকাৰ প্ৰতি চুড়ান্ত ভাবুকি কঢ়িয়াই আনিছে। বৰ্তমানৰ পৰিস্থিতি লক্ষ্য কৰিলে এইটো স্পষ্ট যে বৃহৎ নদীবান্ধ বহু ত্ৰুটিপূৰ্ণ। সেয়েহে সকলোবোৰ দিশ লক্ষ্য কৰি জনসাধাৰণৰ জীৱন জীৱিকা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই জলবোমা সদৃশ এই বৃহৎ নদীবান্ধৰ কাম অতি সোনকালে বন্ধ কৰিবলৈ আজিৰ এই অৱস্থান ধৰ্মঘটৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে দাবী জনাই।