ৰঙিয়াঃ আপুনি হয়তো চোৰ বহুত দেখিছে আৰু চোৰৰ কাহিনীও বহুত শুনিছে। ডায়েৰী নতুবা দিনলিপি লিখা চোৰৰ কাহিনী হয়তো আজিলৈ শুনা নাই৷ ক’ত চুৰি কৰিব, কাৰ পৰা চুৰি কৰিব, কিমান সময়ত চুৰ কৰিব এই সমস্ত কথা ডায়েৰীত লিপিবদ্ধ কৰা গভাইত চোৰৰ ডায়েৰী খন উদ্ধাৰ হ’ল এটা হাঁহৰ গড়ালত৷
বাছ যাত্ৰীৰ পৰা সামগ্ৰী কৌশলেৰে চুৰি কৰি ধৰা পৰিল ৰঙিয়াৰ ডায়েৰী মেন ‘মজি’। নলবাৰী আৰু ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে অহা যাত্ৰীবাহী বাছক টাৰ্গেত হিচাপে লয় ডায়েৰী মেন মজিয়ে। প্ৰথমে যাত্ৰীৰ লগত মিঠা মিঠা কথা কৈ চা-চিনাকী হয়৷ তাৰ পাছত যাত্ৰীৰ বেগ লৈ বতাহৰ লগত বিলীন হৈ যায় ডায়েৰী মেন মজি।