ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ যিটো সময়ত ভাৰতৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলক স্তনৰ কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমীক্ষা প্ৰকাশ পোৱাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লয়।
‘জাগৰণ’, প্ৰতিৰোধৰ এখোজ শীৰ্ষক এই সজাগতামূলক অনুষ্ঠানটিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় সাত মাহৰ আগৰ পৰা আৰম্ভ কৰা সজাগতামূলক প্ৰচাৰ অনুষ্ঠানটিৰ মুখ্য উদেশ্য স্তনৰ কৰ্কট ৰোগৰ দৰে মৰাত্মক ৰোগৰ বিষয়ে সৰ্বসাধাৰণক সজাগ কৰি তোলা।