টিয়কঃ মৰ্যাদাসহকাৰে জীয়াই থকাৰ যেন অধিকাৰ নাই শিল্পীৰ। অসমৰ ভাষা-সংস্কৃতি, কৃষ্টি ধৰি ৰখাৰ নীৰৱ সাধনা কৰাসকলৰ বাবে এমুঠি অন্নও যোগাৰ কৰাটো হৈ পৰিছে কষ্টাসাধ্য। অসমত শিল্পীৰ দৈন্যতা যেন কোনো নতুন কথা নহয় অসমত। তেনেই এক কৰুণ ছবিৰ প্ৰতিফলন ঘটিছে টিয়কৰ শিল্পী এজনৰ ক্ষেত্ৰতো।
মঘাই ওজাৰ ওচৰত ঢোলৰ আদিপাঠ গ্ৰহণ কৰি যিসকল শিল্পীয়ে বৰ্তমান নৱপ্ৰজন্মৰ মাজত অসমৰ ঢোল শিল্পক আপ্ৰাণ কষ্টেৰে জীয়াই ৰাখিব বিচাৰিছে, তেনে শিল্পীসকলক চৰকাৰী বিভাগে দুঃখজনকভাৱে অৱহেলা কৰি অহা দেখা গৈছে৷