ডিজিটেল ডেস্কঃ নিজৰ মৃত্যুৰ বাতৰি নিজে পঢ়িবলৈ পোৱাটোত আচৰিত নহৈ নোৱাৰি। এনেই পৰিস্থিতিৰ সমুখীন হ’ল বলিউডৰ চিৰসেউজ অভিনেতা দিলীপ কুমাৰৰ ক্ষেত্ৰত। 

এইকেইদিন দিলীপ কুমাৰৰ দেহাৱসান ঘটা বুলি ইণ্টাৰনেটত উৰাবাতৰি এটাই বহুল প্ৰচাৰ পাইছিল। পৰিস্থিতি এনেকুৱা হ’ল যে শেষত অভিনেতাজনে নিজেই টুইটাৰত স্পষ্ট কৰিলে যে তেওঁৰ মৃত্যু হোৱা নাই। 

দিলীপ কুমাৰে পত্নি ছায়েৰাই দিয়া এযোৰ নতুন কাপোৰ পিন্ধি টুইটাৰত এখন ফটোও আপলোড কৰে। উল্লেখ্য যে অলপতে কেদাৰ খানক লৈ তেনে এটা উৰাবাতৰি প্ৰচাৰ হৈছিল। এইবাৰ বা কাৰ পাল পৰে!