62
ডিজিটেল ডেস্কঃ নিজৰ মৃত্যুৰ বাতৰি নিজে পঢ়িবলৈ পোৱাটোত আচৰিত নহৈ নোৱাৰি। এনেই পৰিস্থিতিৰ সমুখীন হ’ল বলিউডৰ চিৰসেউজ অভিনেতা দিলীপ কুমাৰৰ ক্ষেত্ৰত।
এইকেইদিন দিলীপ কুমাৰৰ দেহাৱসান ঘটা বুলি ইণ্টাৰনেটত উৰাবাতৰি এটাই বহুল প্ৰচাৰ পাইছিল। পৰিস্থিতি এনেকুৱা হ’ল যে শেষত অভিনেতাজনে নিজেই টুইটাৰত স্পষ্ট কৰিলে যে তেওঁৰ মৃত্যু হোৱা নাই।