ডিমাকুছিঃ এফালে যদি সাফল্য আৰু সাহসিকতাই নাৰীক পুৰুষৰ সমান মৰ্যাদা দিয়াৰ বাট প্ৰশস্ত কৰিছে, আনফালে আকৌ আওপুৰণি চিন্তাই লগ এৰা নাই এচাম দুৰ্ভগীয়াক৷ বাল্য বিবাহ, লিংগ-বৈষম্য, ৰোগ আৰু দৰিদ্ৰতাৰ চক্ৰৰপৰা ওলাব নোৱৰা নাৰীৰ বাবে যিকোনো সময়তে জীৱন হৈ পৰিব পাৰে অভিশাপ৷ এনেই এক অভিশাপৰ গড়ালৰপৰা কথমপি প্ৰাণৰক্ষা পৰিছে কণমানি এজনীৰ৷
জানিব পৰামতে ধৰমজুলি গাঁৱৰ ১৫ বছৰীয়া কন্যাক প্ৰলোভনেৰে ৪৫ বৰ্ষীয় লম্পট এজনে চক্ৰান্ত কৰি বিয়া পাতি অনাৰ পিছত ৰাইজৰ চকুত পৰাত ঘটনাটো পোহৰলৈ আহে৷ ঘটনা মতে লখিমপুৰ জিলাৰ পশ্চিম লালুকৰ প্ৰবঞ্চক প্ৰভাত ডেকাবৰুৱা নামৰ লোক এজনৰ সৈতে প্ৰায় দুমাহ পূৰ্বে ধৰমজুলি গাঁৱৰ ভাৰতী দাস (৪০)ৰ মিছকলযোগে চিনাকি হৈছিল৷