63
গুৱাহাটীঃ গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত ‘উদ্ভাৱন উৎসৱ’ৰ অন্যতম কাৰ্যসূচী ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা-২০১৯’ যোৱা দেওবাৰে বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাগালেণ্ডৰ চুহৈ গাঁও নিবাসী উদ্ভাৱক ‘ইমনাৰেং ইম’চং’ক প্ৰদান কৰা হয়৷ নিজৰ একক উদ্ভাৱনী সঁজুলিৰ দ্বাৰা ৰাজ্যখনৰ বিকাশ সাধন কৰি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা উদ্ভাৱকসকলক এই বঁটা আগবঢ়োৱা হয়৷
