ডিজিটেল ডেস্কঃ ৰাজ্যসভাত শাসক-বিৰোধীৰ হৈ-হাল্লাৰ বাবে নৈশ ভোজ বাতিল কৰিলে ৰাজ্য সভাৰ সভাপতি তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে৷ যোৱা ৫ মাৰ্চত সদনত তীব্ৰ হৈ-হাল্লাৰ সময়ত জাৰি কৰা গতিৰোধক সাংসদে অমান্য কৰাৰ ফলত সাংসদৰ বাবে আয়োজন কৰা নৈশ ভোজ বাতিল কৰে উপ-ৰাষ্ট্ৰপতিয়ে৷
ৰাষ্ট্ৰীয় সংবাম মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে, নৈশ ভোজৰ বাবে আমন্ত্ৰণি পত্ৰ বিতৰণৰ লগতে সকলো সাজু কৰিছিল আৰু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শাসকীয় দলৰ নেতা, নেতা বিৰোধী আৰু উচ্চ সদনৰ বিভিন্ন লোকক এই খবৰ দিয়া হৈছিল৷