69
ডিফুঃ কাৰ্বি আংলং জিলাত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে মঙলবাৰে পূব কাৰবি আংলং জিলাৰ ছামেলাংচ’ এলপি স্কুলত এটি চাফাই অভিযান আৰু বৃক্ষ পুলি ৰোপন অভিযান চলায়৷
চাফাই অভিযানটোত সেনাৰ সৈতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ১১৮ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে৷ চাফাই অভিযানটো মূলতে স্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে লগতে জাঁবৰ পৰিষ্কাৰৰ জৰিয়তে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে লোৱা বুলি সেনাৰ বিশেষ সূত্ৰত প্ৰকাশ৷