ছাইদুল ইছলাম, ডিফু

ডিফুঃ কাৰ্বি আংলং জিলাত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে মঙলবাৰে পূব কাৰবি আংলং জিলাৰ ছামেলাংচ' এলপি স্কুলত এটি চাফাই অভিযান আৰু বৃক্ষ পুলি ৰোপন অভিযান চলায়৷ 

চাফাই অভিযানটোত সেনাৰ সৈতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ১১৮ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে৷ চাফাই অভিযানটো মূলতে স্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে লগতে জাঁবৰ পৰিষ্কাৰৰ জৰিয়তে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে লোৱা বুলি সেনাৰ বিশেষ সূত্ৰত প্ৰকাশ৷

আনহাতে, সেনাই মুঠ ২৫ জোপা ফলধৰা আৰু ছাঁ পৰা বৃক্ষৰ পুলি বিদ্যালয়ৰ চৌপাশ আৰু ইয়াৰ আশে-পাশে ৰোপন কৰে বুলিও জানিব দিছে৷ ইয়াৰোপৰি সেনাই ছাত্ৰ-ছাত্ৰীৰ মাজত মিঠাই আৰু চকলেট বিতৰণ কৰে৷ উল্লেখযোগ্য যে, ভাৰতীয় সেনাৰ এনেধৰণৰ অবিৰাম কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কাৰ্যৰে সেনাই পিছপৰা এলেকাত উন্নতমানৰ জীৱন ধাৰণ প্ৰক্ৰিয়া গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সেনাই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে৷