ডিফুঃ উশ্বু সন্থাৰ কাৰ্বি আংলং জিলা সমিতিখন নতুনকৈ গঠন কৰা হয়৷ পূৰ্বৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ কাৰ্যকাল অন্ত পৰাত মঙলবাৰে এখন সভা অনুষ্ঠিত কৰা হয়।

এই সভাত চিৰাজ ইংতিক সভাপতি, ঘন তেৰাং আৰু কাংবুৰা চিংনাক সম্পাদক, ছেমচন হাঞ্চেক উপ-সভাপতি আৰু প্ৰদীপ চিংনাৰক সহকাৰী সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে লৈ কাৰ্বি আংলং জিলা উশ্বু সন্থাৰ নতুন সমিতি গঠন কৰা হয়৷