ডিফুঃ অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং জিলা নগৰ সমিতিৰ নিৰ্বাচনৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে সন্ধিয়া ডিফু নগৰ সমিতিৰ ৩ নং ৱাৰ্ডৰ হৰিলাল বস্তিত জিলাখনৰ প্ৰধান বিৰোধী আঞ্চলিক দল এছ ডি চিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মালা ৰংফাৰপীয়ে এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰে৷
সভাত এইচ ডি চিৰ সাধাৰণ সম্পাদক লাইচেন ইংলেঙ, কে এন চি এৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপী, কে এছ এৰ জিৰচং টেৰণ, এছ ৱাই জেৰ লংকি চিংনাৰ আৰু কে এছ এৰ বৰকিৰি ছেনাৰ উপস্থিত থাকে৷