67
ডিফুঃ “পথৰ সুৰক্ষাই জীৱনৰ ৰক্ষা” ক সংকল্প হিচাপে লৈ সমগ্ৰ দেশৰ লগতে কাৰবি আংলং জিলাতো ৪ ফেব্ৰুৱাৰীৰপৰা ১০ ফেব্ৰুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে ৩০ সংখ্যক পথ সুৰক্ষা সপ্তাহ৷ এই উপলক্ষে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে আয়োজন কৰা শুভাৰম্ভণি কাৰ্যসূচীৰ অংশ স্বৰূপে অট’ৰিক্সা আৰু মটৰ চাইকেল শোভাযাত্ৰাৰ ফ্লেগঅফ কৰে কাৰবি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই৷
