ডিফুঃ সমবিকাশ আৰু সমমৰ্যদাৰ স্বাৰ্থত কাৰ্বি আংলংবাসী ৰাইজে জিলাখনত অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নগৰ সমিতিৰ নিৰ্বাচনত এইচ এছ ডি চিৰ প্ৰক্ষেপিত প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে লাইচান ইংলেঙে৷
বৃহস্পতিবাৰে বিয়লি লামঢিং পথস্থিত কে এছ এৰ কাৰ্যালয়ত আয়েজন কৰা এক সংবাদ মেলত দলৰ হৈ লাইচান ইংলেঙে কয় যে এইচ এছ ডি চিৰ প্ৰতীক চিহ্ন ‘কলগছ’ত জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক জিলাখনত বি জে পিৰ পক্ষপাতমূলক শাসনj ওৰ পেলাই এইচ এছ ডি চিক সুযোগ দিবলৈ কয়৷