62
বাইহাটা চাৰিআলিঃ জীৱনৰ ২৮ টা বসন্ততে জীৱন-নাটৰ যবনিকা পৰিল বাইহাটা চাৰিআলিৰ আছু নেতা ৰঞ্জন কলিতাৰ।
পূব কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ সদস্যজনৰ ২ জানুৱাৰীৰ নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে ততাতৈয়াকৈ ১০৮ৰ জৰিয়তে আমিনগাঁওস্থিত নাৰায়ণা হৃদয়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।