77
মাজুলীঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে মাজুলীৰ কমলাবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত সংগঠনতোৰ মাজুলী জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে।
সংগঠনতোৰ মাজুলীৰ জিলা সমিতিৰ সভাপতি জগত হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মুনিন্দ ভূঞা, সম্পাদক অলিন হাজৰিকাকে প্ৰমুখ্যে কৰি সংগঠনতোৰ আঞ্চলিক সমিতি সদস্যসকলেও অংশগ্ৰহণ কৰে।