ডিফুঃ শংকৰ-আজানৰ দেশ অসমত সমন্বয় আৰু সম্প্ৰীতিৰ ধ্বজাবাহক অসম সাহিত্য সভাৰ ডিফু শাখাই পৱিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি সোমবাৰে ডিফু জামে মছজিদত ৰোজাদাৰ সকলৰ ইফতাৰ বিতৰণ কৰে৷ প্ৰায় শতাধিক ৰোজাদাৰৰ মাজত সাহিত্য সভাৰ দলটোৱে পোলাও, সুস্বাদু ফলমূল আৰু শীতল পানীয় বিতৰণ কৰে৷
ইফতাৰৰ পূৰ্বে মছজিদৰ ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে ৰাজহুৱা দোৱা প্ৰাৰ্থনা কৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত গুণাহৰ মাফৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে পৱিত্ৰ ৰমজান মাহত অসম তথা কাৰবি আংলঙত শান্তি আৰু ভাতৃত্ব সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবেও কামনা কৰে৷