76
ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ হৰিলাল বস্তি মোক্তাব কমিটীৰ উদ্যোগত পৱিত্ৰ ৰমজানৰ ৰোজাৰ ইফতাৰ কাৰ্যসূচী বুধবাৰে সম্পন্ন হৈ যায়৷
ইফতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে স্থানীয় ইএম ৰতন টেৰণ, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙ, বিজেপিৰ জিলা সাধাৰণ সম্পাদক অজিত দে’, সম্পাদক মধুৰাম লেকথে, বিজেপি সংখ্যালঘু কোষৰ সভাপতি তথা ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ছিমন ফাংচ’, ৩নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ দিগন্ত গগৈ আৰু গণ্যমাণ্য ব্যক্তিসকল৷