ডিফুঃ কাৰ্বি আংলঙত ২৪টা সংগ্ৰামী সংগংঠনে পৰিষদীয় নিৰ্বীচনৰ পূৰ্বে এখন সংশোধিত ভোটাৰ তালিকাৰ লগতে আইন আৰু নীতি গ্ৰহনৰ বাবে উত্থাপন কৰা দাবীৰ সমৰ্থনত আজি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল, এছ চাংচাঙৰ নেতৃত্বত এটি দলে ২৪ সংগঠনেৰে ডিফুৰ আৱৰ্ত ভৱনত এক উচ্চ স্তৰীয় বৈঠকত মিলিত হয়৷
বৈঠকত অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া অংশগ্ৰহণ কৰাৰ লগতে পূৱ কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খানো উপস্থিত থাকে৷ ৰুদ্ধ দ্বাৰ বৈঠকখন দুটা পৰ্যায়ত অনুষ্ঠিত হয়৷ প্ৰথমখন কেএছ এ, কে এছ ৱাই চি, কেৱাই অ’ আৰু এইছ টি এলৰ মাজত আৰু দ্বিতীয়খন ২৪ সংগঠনৰ সৈতে অনুষ্ঠিত হয়৷