65
ডিফুঃ ভাৰতীয় সেনাৰ ‘সদ্ভাৱনা’ কাৰ্যসূচীৰ অংশ স্বৰূপে সেনাৰ ৰেড হৰ্ণ ডিভিজনে সেনাক নতুন প্ৰজন্মৰ ওচৰলৈ কাষ চপাই নিবলৈ শনিবাৰে বোকাজান মহকুমাৰ সৰিয়হজানত যুৱক-যুৱতীসকলৰ মাজত ‘ৰাণ ফৰ ফান’ মিনি মাৰাথান দৌৰ অনুষ্ঠিত কৰে৷
তিনিটা বিভাগত অনুষ্ঠিত খেলসমূহ ক্ৰমে ছোৱালীৰ বাবে ৬ কিল’মিটাৰৰ মিনি মাৰাথান দৌৰ, ১৮ অনুৰ্দ্ধৰ ল’ৰাৰ বাবে ৮ কিল’মিটাৰ মিনি মাৰাথান দৌৰ, ১৮ বছৰ উৰ্ধৰ লোকৰ বাবে ১০ কিল’মিটাৰ মিনি মাৰাথান দৌৰ অনুষ্ঠিত কৰে৷